October 18, 2024 11:59 AM

views 24

২০১৮ চনৰ শত্ৰুৰ সম্পত্তি নিষ্পত্তিৰ আদেশত কেন্দ্ৰীয় চৰকাৰৰ সংশোধন

কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনৰ শত্ৰুৰ সম্পত্তি নিষ্পত্তিৰ আদেশত সংশোধন ঘটাইছে। গৃহ মন্ত্র্যালয়ে এখন অধিসূচনা যোগে কৈছে যে, সম্পত্তি নিষ্পত্তিৰ ক্ষেত্ৰত মূল্য সীমা সংশোধন কৰা হৈছে। ইয়াৰ অধীনত গ্রাম্য এলেকাত এক কোটি টকাতকৈ কম আৰু নগৰ অঞ্চলত পাঁচ কোটি টকাতকৈ কম মূল্যৰ সম্পত্তি প্রথমে বৰ্তমানৰ বাসিন্দাসকলক ক্ৰয়ৰ বাবে আগবঢ়োৱা হ'ব। সংশোধনত গ্ৰাম্য আৰু নগৰাঞ্চলৰ সংজ্ঞাও স্পষ্ট কৰা হৈছে ।