August 26, 2024 8:42 PM

views 16

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক এ আই ইউ ডি এফৰ সঁজাতী দলৰ সাক্ষাৎ

এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সকলো সম্প্ৰদায়ৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখিবলৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে। এ আই ইউ ডি এফৰ এটা সঁজাতী দলে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ৰাজভৱনত সাক্ষাৎ কৰি এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উজনি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ এটা শ্ৰেণীৰ সুৰক্ষাৰ বাবে ৰাজ্যপালগৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি স্মাৰক-পত্ৰ প্ৰদান কৰা হয় ৷