August 23, 2025 8:08 PM

views 6

কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পর্যালোচনা বৈঠক

দুদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হৈছে। বৈঠকত বিশেষকৈ বৰাক উপত্যকাৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে কাইলৈ পুৱা ৯.৩০ বজাত ৰামকৃষ্ণ মিছন পৰিদৰ্শন কৰাৰ লগতে ৰেডক্ৰছ শিশু চিকিৎসালয়ো পৰিদৰ্শন কৰিব।