June 14, 2024 5:00 PM

views 19

যোগাসনক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ পূব প্ৰদেশৰ ৰাজ্যপাল সেনথিল থোণ্ডামনৰ

ভাৰতৰ উচ্চ আয়োগ আৰু শ্ৰীলংকাৰ পূব প্ৰদেশৰ পৰ্যটন ব্যুৰোৰ উদ্যোগত আজি ট্ৰিকোমালীৰ মেক হেইজাৰ ষ্টেডিয়ামত যোগাসানৰ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্ৰায় ৫ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ সদস্যই অংশগ্ৰহণ কৰে। পূব প্ৰদেশৰ ৰাজ্যপাল সেনথিল থোণ্ডামনে, যোগাসনক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। দহ দিনিয়া যোগ মহোৎসৱৰ অংশহিচাপে অনুষ্ঠিত এই কাৰ্যসূচী ২২ জুনত কলম্বোত সামৰণি পৰিব।