January 10, 2026 7:03 PM

views 9

দেশৰ চহকী পৰম্পৰাত স্বাস্থ্যৰ ক্ষেত্ৰত সদায় সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যৰ প্রকাশ

দেশৰ চহকী পৰম্পৰাত স্বাস্থ্যৰ ক্ষেত্ৰত সদায় সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই প্রকাশ কৰিছে। গুৱাহাটীত আজি দ্বিতীয় উত্তৰ পূব স্বাস্থ্য যতন ব্যৱস্থাপনা সম্মিলন মুকলি কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে সুস্থ ব্যক্তিয়েহে সুস্থ সমাজৰ ভেটি গঢ়ে আৰু সমাজ সুস্থ হ'লে ৰাষ্টও সুস্থ হয়। তেওঁ কয়, যে স্বাস্থ্য যতনৰ পৰিসৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ পৰিধিতকৈ অধিক ব্যাপক। এয়া জনসাধাৰণৰ মৰ্য্যাদা সুৰক্ষিত কৰা আৰু ৰাষ্ট্ৰৰ সাংবিধানিক দায়িত্ব পূৰণ কৰাৰ গুৰুত্বপূৰ্ণ ব্যবস্থা বুলি তেওঁ মন্...

January 8, 2026 7:38 PM

views 16

জাগীৰোডত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি জাগীৰোডত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে জাগীৰোড সমজিলাৰ অন্তৰ্গত কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি মধ্যাহ্ন ভোজন কৰে। শ্রীআচাৰ্যই ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে আগবঢ়োৱা চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তেওঁ ছাত্র-ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে আধ্যাত্মিক চিন্তা-চৰ্চাৰে ভৱিষ্যতৰ সুনাগৰিক হ'বলৈ উৎসাহিত কৰে। ৰাজ্যপালগৰাকীয়ে ঝাৰগাঁৱত এটা কাৰ্যসূচীত অংশ লৈ যক্ষ্মা ৰোগীসকলৰ মাজত খাদ্যৰ ...

April 8, 2024 7:59 PM

views 33

ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম দিক্ষান্ত সমাৰোহত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ অংশগ্ৰহণ

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ত প্ৰথম দিক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। সমাৰোহত বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ পৰ্যায়ৰ ৫৪৫ গৰাকী শিক্ষার্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ৰাজ্যপালগৰাকীৰ লগতে বিশ্ববিদ্যালয়খনৰ উপাচায্য সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰে।