November 2, 2024 7:49 PM

views 18

ডেমচ’ক আৰু ডেপচাঙত ভাৰত আৰু চীনে পাৰস্পৰিক চুক্তি অনুসৰি টহল আৰম্ভ কৰিছেঃ বিদেশ মন্ত্ৰ্যালয়

বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ডেমচ'ক আৰু ডেপচাঙত ভাৰত আৰু চীনে পাৰস্পৰিক চুক্তি অনুসৰি টহল আৰম্ভ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে, ভাৰত আৰু চীনে সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰ অন্তিম পৰ্য্যায় সন্দৰ্ভত ২১ অক্টোবৰত সহমত প্ৰকাশ কৰিছিল। মুখপাত্ৰগৰাকীয়ে কয় যে, কাজানত অলপতে অনুষ্ঠিত উভয় দেশৰ নেতৃবৰ্গৰ মাজৰ বৈঠকত প্ৰকাশ কৰা সহমত অনুসৰি দুয়ো দেশৰ বিদেশ মন্ত্ৰী আৰু অন্য বিষয়া পৰ্য্যায়ৰ আলোচনাৰ ভিত্তিত চীনৰ সৈতে দ্বিপ...