November 21, 2025 9:24 PM

views 54

দেশত ৪খন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি দেশৰ শতিকাপুৰণি শ্রম আইনৰ সৰলীকৰণৰ উদ্দেশ্যে চাৰিখন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই কয় যে এই নতুন শ্রম বিধিয়ে দেশৰ কৰ্মশক্তিৰ কল্যাণৰ লগতে উপযুক্ত মজুৰি সুৰক্ষা তথা সামাজিক নিৰাপত্তা নিশ্চিত কৰিব। মজুৰি বিধি ২০১৯, ঔদ্যোগিক সম্পর্ক বিধি ২০২০, সামাজিক নিৰাপত্তা বিধি ২০২০ আৰু জীৱিকাৰ সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মপৰিবেশ বিধি ২০২০ আজিৰে পৰা কাৰ্যকৰী হৈছে। ড০ মাণ্ডাভিয়াই কয় যে এই সংস...