August 29, 2024 7:15 PM

views 16

কেন্দ্ৰীয় লোকসেৱা আয়োগক স্বেচ্ছামূলকভাৱে প্ৰাৰ্থীসকলৰ পৰিচয়ৰ পৰীক্ষাৰ বাবে আধাৰভিত্তিক সত্যাসত্য নিৰূপণৰ অনুমতি

চৰকাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগক স্বেচ্ছামূলকভাৱে প্ৰাৰ্থীসকলৰ পৰিচয়ৰ পৰীক্ষাৰ বাবে আধাৰভিত্তিক সত্যাসত্য নিৰূপণৰ অনুমতি প্ৰদান কৰিছে। নাম পঞ্জীয়নৰ সময়ত আৰু পৰীক্ষা তথা নিয়োগৰ বিভিন্ন পৰ্যায়ত সত্যাসত্য নিৰূপণৰ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যাব। ভুৱা প্ৰমাণ-পত্ৰ দেখুৱাই অসামৰিক সেৱাৰ পৰীক্ষাত নিৰ্ধাৰিত সংখ্যাতকৈ অধিকবাৰ অৱতীৰ্ণ হোৱাৰ প্ৰয়াসৰ বাবে পূজা খেড়কৰৰ অস্থায়ী প্রার্থিত্ব বাতিল কৰাৰ লগতে তেওঁক ভৱিষ্যতৰ সকলো পৰীক্ষাৰ বাবে বাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।