December 7, 2024 12:36 PM December 7, 2024 12:36 PM

views 4

গৌৰীসাগৰৰ নকটানিত ২০-২৫ ডিচেম্বৰলৈ সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা

শিৱসাগৰৰ মহাৰথী সাংস্কৃতিক চর্চা কেন্দ্ৰৰ উদ্যোগত আৰু গৌৰীসাগৰ, দিখৌমুখবাসীৰ সহযোগত অহা ২০ৰ পৰা ২৫ ডিচেম্বৰলৈ সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তদুপলক্ষে গৌৰীসাগৰৰ নকটানিৰ বাকৰিৰ বৃন্দাবন সমন্বয় ক্ষেত্ৰত কালি লাইখুঁটা স্থাপন কৰা হয়। ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা আৰু এখন বাণিজ্য মেলাৰো আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১২ খন শিশু ভাওনা প্ৰদৰ্শন কৰা হ'ব ।