December 20, 2024 12:08 PM December 20, 2024 12:08 PM
10
মুম্বাইত অনুষ্ঠিত গ’ল্ডেন জুৰি চলচ্চিত্ৰ মহোৎসত ৰাজেন দাস পৰিচালিত ‘আইৰণ গাৰ্লছ’ৰ শ্রেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ
মুম্বাইত অনুষ্ঠিত গ’ল্ডেন জুৰি চলচ্চিত্ৰ মহোৎসত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ আইৰণ গাৰ্লছে শ্রেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ লাভ কৰিছে। বলীউডৰ বহুসংখ্যক চলচ্চিত নির্মাতা, শিল্পীৰ উপস্থিতিত কালি মহোৎসৱৰ সামৰণী অনুষ্ঠানত পৰিচালক ৰাজেন দাসে এই বঁটা গ্ৰহণ কৰে। ৰাজেন দাসে এই বঁটা অসমৰ সমূহ ওজাপালি-দেওধনী লোকনৃত্য তথা পদ্মশ্ৰী দ্রোণ ভূঞাক উৎসৰ্গা কৰে বুলি জানিবলৈ দিয়ে। পদ্মশ্ৰী দ্রোণ ভূঞা, আশা বৰদলৈ, তৰুণ আজাদ ডেকাৰ লগতে ওজাপালি আৰু দেওধনীৰ লগত জড়িত বহু সংখ্যক লোকশিল্পীয়ে ছবিখনত অভিনয় কৰিছে। মুম্...