February 6, 2025 11:08 AM

views 34

দেশত সোণৰ চাহিদা ৮০২.৮ টনলৈ বৃদ্ধি

দেশত সোণৰ চাহিদা ২০২৩ বৰ্ষৰ ৭৬১ টনৰ বিপৰীতে বিগত বৰ্ষতকৈ ৫ শতাংশ বৃদ্ধি হৈ ৮০২ দশমিক ৮ টন হয়। আমদানি শুল্ক হ্ৰাস পোৱাৰ ফলত বিভিন্ন উৎসৱ পাৰ্বন আদিত সোণৰ ক্ৰয়ৰ পৰিমাণ বৃদ্ধি পায়। বিশ্ব সোণ পৰিষদৰ সূত্ৰ অনুসৰি চলিত বৰ্ষত সোণৰ চাহিদা ৭০০ৰ পৰা ৮০০ টনৰ মাজত থকাৰ সম্ভাৱনা আছে। সোণৰ চাহিদা মূল্য ২০২৩ বৰ্ষৰ ৩ লাখ ৯২ হাজাৰ কোটি টকাৰ বিপৰীতে ২০২৪ বৰ্ষত ৫ লাখ ১৫ হাজাৰ ৩৯০ কোটি টকালৈ বৃদ্ধি হয়।