August 16, 2024 1:16 PM

views 32

ভাৰতৰ কাইলৈ তৃতীয় ভইচ অৱ গ্লোবেল ছাউথ শীর্ষ সন্মিলনৰ আয়োজন

ভাৰতে কাইলৈ তৃতীয় ভইচ অৱ গ্লোবেল ছাউথ শীর্ষ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে - বহনক্ষম ভৱিষ্যতৰ বাবে সবল গ্লোবেল ছাউথ। বিদেশ মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে এই সন্মিলনে সংঘর্ষ, খাদ্য আৰু শক্তি সুৰক্ষা সংকট আৰু জলবায়ু পৰিবৰ্তনৰ লেখিয়া বিশ্বক প্ৰভাৱিত কৰি অহা জটিল প্রত্যাহ্বান সন্দৰ্ভত পূৰ্বৰ সন্মিলনত হোৱা আলাপ-আলোচনাৰ সম্প্ৰসাৰণৰ বাবে এখন মঞ্চ প্রদান কৰিব । সন্মিলনত গ্লোবেন ছাউথ ৰাষ্ট্রসমূহে বিভিন্ন প্রত্যাহ্বান, অগ্রাধিকাৰ তথা তুলনামূলকভাৱে কম বিকশিত আৰু বিকাশশীল দেশব...