December 14, 2024 10:43 AM

views 32

বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ লক্ষ্যৰে গোলাঘাটত হিতাধিকাৰীসকলৰ সাহায্য বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব

বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট জিলাৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বান সাহায্য বিতৰণ, বীজ সাহায্য বিতৰণ আৰু প্ৰধানমন্ত্রী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ প্ৰক্ৰিয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কৃষি মন্ত্রী অতুল বৰা, বিত্ত মন্ত্রী অজন্তা নেওগ আৰু গোলাঘাট জিল...

November 16, 2024 7:02 PM

views 30

গোলাঘাট জিলা পুথিভঁৰালত বহনক্ষম গ্ৰাম্য ৰোজগাৰ উৎপাদন আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ

গোলাঘাট জিলা পুথি ভঁৰালত আজি বহনক্ষম গ্ৰাম্য ৰোজগাৰ উৎপাদন আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত তথা নুমলীগড় শোধনাগাৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি বিত্ত মন্ত্রী অজন্তা নেওগে মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনিৰ গোলাঘাট সমষ্টিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ লগতে নুমলীগড় শোধনাগাৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী, গোলাঘাট পৌৰ সভাৰ পৌৰপতি আৰু আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

November 16, 2024 6:48 PM

views 44

গোলাঘাটৰ মৰঙী পথাৰৰ ৰামধেনু কৃষি পামত ফচল চপোৱা কাৰ্যসূচী শুভাৰম্ভ

যুৱক-যুৱতীসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বান মৰ্মে গোলাঘাট জিলাৰ মৰঙী পথাৰৰ ৰামধেনু কৃষি পামত আজি ফচল চপোৱা কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু বিধায়ক বিশ্বজিৎ ফুকনে কাতি আৰু আঘোণ মাহৰ দোমাহীৰ দিনা এই ধান দোৱা কাৰ্যসূচী মুকলি কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মৰঙী অঞ্চলত বিধায়ক বিশ্বজিৎ‍ ফুকনৰ নেতৃত্বত দুবছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা ৰামধেনু বহুমুখী সমবায় সমিতিৰ মুখ্য কাৰ্যালয়ো আজি বিত্তমন্ত্রী শ্রীনেওগে উদ্বোধন কৰে। এই অনুষ্ঠ...

November 7, 2024 8:02 PM

views 29

বোকাখাত সম-জিলাৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহ উদযাপন অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কৃষি মন্ত্ৰী অতুল বৰাই আজি বোকাখাত সম-জিলাৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষা সাহিত্যৰ ভেঁটি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ যোৱা অসমীয়া জাতীয় জীৱনৰ মনিষী, পণ্ডিত, গৱেষক আৰু পুৰোধা ব্যক্তিসকললৈ শ্ৰদ্ধা জনায়। তেওঁ অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাত নির্ণায়ক ভূমিকা প্ৰদান কৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে এই পৰিক্ৰমাটো আনুষ্ঠানিক ৰূপ দিয়াত অগ্রণী ভূমিকা গ্রহণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্...

November 2, 2024 6:43 PM

views 36

অসম-নাগালেণ্ড মেৰাপানী সীমান্তত বার্মিজ চুপাৰীভর্তি দুখন ট্রাক জব্দ

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড মেৰাপানী সীমান্তত আজি ১৪২ নম্বৰ চি আৰ পি এফৰ সেনাই বার্মিজ চুপাৰীভর্তি দুখন ট্রাক জব্দ কৰে। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্রাক দুখনত গোপনে কেইবালাখ টকা মূল্যৰ বাৰ্মিজ চুপাৰী মেৰাপানীয়েদি পাৰ কৰিবলৈ লওঁতে চি আৰ পি এফৰ তালাচীত ধৰা পৰে। চি আৰ পি এফে বাহন দুখনৰ চালক দুজনক নাগালেণ্ডৰ ভান্দাৰী আৰক্ষীক গটাই দিয়ে।

November 2, 2024 12:39 PM

views 21

কালিৰে পৰা ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল আৰম্ভ

সমগ্ৰ দেশৰ লগতে অসমতো কালিৰ পৰা ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে কালি গোলাঘাটৰ বোকাখাত সম-জিলাৰ কুৰুৱাবাহী পঞ্চায়তৰ নগয়া পামত আয়োজিত উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত ডিজিটেল এপৰ জৰিয়তে কিছুসংখ্যক পশুপালকৰ তথ্য পঞ্জীভুক্ত কৰা হয়। উল্লেখযোগ্য যে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া- কৰ্মচাৰীসকলে পশুপালকসকলৰ ঘৰে ঘৰে গৈ ডিজিটেল এপৰ জৰিয়তে পশুধন পিয়লৰ কাম সম্পূৰ্ণ কৰাৰ অভিযান আৰম্ভ কৰিছে।

October 26, 2024 6:55 PM

views 20

গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটী ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা

গোলাঘাট জিলাৰ গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটী ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। অহা ২৫ নৱেম্বৰত এমেচাৰ থিয়েটাৰ ছ'চাইটীৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাসমূহ প্ৰদান কৰা হ'ব।

October 15, 2024 7:27 PM

views 20

গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা উন্নয়ন সমিতিৰ পৰ্যালোচনা সভা অনুষ্ঠিত

গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি জিলা উন্নয়ন সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সকলো চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পুংখানুপুংখ খতিয়ান লোৱা হয়। সভাত জিলা আয়ুক্তই জিলাখনৰ সামগ্রিক উন্নয়ন আৰু সূচক মানসমূহৰ স্থান ঊর্ধগামী কৰাৰ উদ্দেশ্যে সকলো বিভাগীয় কর্তৃপক্ষকে চৰকাৰৰ নিৰ্ধাৰিত সময়সূচী অনুসৰি কাম কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি জনসাধাৰণক যাতে চৰকাৰৰ সেৱাসমূহ ক্ষীপ্ৰভাৱে প্ৰদান কৰিব পাৰি তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিবলৈ আহ্বান জনায়। সভ...

October 8, 2024 11:35 AM

views 27

গোলাঘাটত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পর্যালোচনা সভা অনুষ্ঠিত

গোলাঘাট জিলাৰ জিলা আয়ুক্তৰ সভাগৃহত কালি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত জিলাখনত ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰ সংগ্ৰহ আৰু ডিজিটাইজেশ্বন সম্পর্কে এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত হোৱা পৰ্যালোচনা সভাত জিলাখনৰ প্ৰতেক্যটো বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰ-পত্ৰ সংগ্ৰহৰ খতিয়ান লোৱাৰ লগতে প্ৰ-পত্ৰসমূহৰ ডিজিটাইজেশ্বন আৰু পৰীক্ষণ সম্পর্কে বিতংকৈ আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকী চক্র বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলক পৰিকল্পনা আৰু ...

October 5, 2024 9:30 AM

views 25

গোলাঘাট জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ ভিন্ন কার্যসূচী

গোলাঘাট জিলাত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰা হ'ব। গোলাঘাট জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনে কেইবাটাও কার্যসূচী গ্ৰহণ কৰিছে। আজি পুৱা গোলাঘাট জিলাৰ আৱতৰ্ভৱন চৌহদত অনুষ্ঠিত পতাকা উত্তোলন কাৰ্যসূচীত বিত্তমন্ত্রী অজন্তা নেওগে অংশগ্ৰহণ কৰে। জিলা দিৱস উপলক্ষে প্ৰাচীৰ পত্রিকা উদ্বোধন কৰাৰ লগতে আৱৰ্ত ভৱন চৌহদত গ্রন্থদান কার্যসূচী অনুষ্ঠিত হয়। এই দিৱস উপলক্ষে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে জিলাখনৰ প্ৰতিটো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিভাগীয় আঁচনি সন্দৰ্ভত জনসচেতনতা সভাৰো আয়োজন কৰা হ...