July 5, 2025 7:15 PM

views 20

গোলাঘাট জিলাৰ মেৰাপানীত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

চি আৰ পি এফৰ এটা দলে আজি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত অভিযান চলাই বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে। চিগাৰেটখিনি নাগালেণ্ডৰ পৰা এখন ট্রাকযোগে গোলাঘাটলৈ সৰবৰাহ কৰা হৈছিল। চিগাৰেটখিনিৰ বজাৰ মূল্য ২০ লাখ টকাৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে। চি আৰ পি এফে ঘটনা সংক্রান্তত ট্রাকখনৰ চালক বাবাতু গগৈক আটক কৰিছে। চালকজনক ইতিমধ্যে মেৰাপানী আৰক্ষীক গতাই দিয়া হৈছে।

July 5, 2025 12:49 PM

views 11

চি আৰ পি এফৰ অভিযানত মেৰাপানীৰ সীমান্তত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

◆ চি আৰ পি এফৰ এটা দলে আজি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত অভিযান চলাই বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে। চিগাৰেটখিনি নাগালেণ্ডৰ পৰা এখন ট্রাকযোগে গোলাঘাটলৈ সৰবৰাহ কৰা হৈছিল। চিগাৰেটখিনিৰ বজাৰ মূল্য ২০ লাখ টকাৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে। চি আৰ পি এফে ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ চালক বাবাতু গগৈক আটক কৰিছে। চালকজনক ইতিমধ্যে মেৰাপানী আৰক্ষীক গতাই দিয়া হৈছে।

June 10, 2025 1:09 PM

views 24

গোলাঘাট আইন মহাবিদ্যালয়ত ৫ বছৰীয়া আইন পাঠ্যক্ৰম আৰম্ভ

গোলাঘাট আইন মহাবিদ্যালয়ত ৫ বছৰীয়া আইন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। ১৯৭৯ চনত গোলাঘাট নগৰৰ বেঙেনাখোৱাত স্থাপন কৰা আইন শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠানখনত এইবছৰৰ পৰা ৫ বছৰীয়া আইনী পাঠ্যক্ৰমৰ সংযোজনে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ বাৰ কাউঞ্চিল অব্ ইণ্ডিয়াই ৫ বছৰীয়া আইন স্নাতক পাঠ্যক্ৰমত অনুমোদন জনোৱা কাৰ্যক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী আৰু গোলাঘাটবাসী উৎফুল্লিত হৈ পৰিছে।

May 1, 2025 7:44 PM

views 39

গোলাঘাট জিলাত পঞ্চায়ত নিৰ্বাচনত ২২৮টা ভোটগ্রহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আছে। ভোটগ্ৰহণৰ বাবে বিভিন্ন ভোট কেন্দ্ৰত নিয়োজিত বিষয়ববীয়াসকল ইতিমধ্যে কেন্দ্ৰলৈ ৰাওনা হৈছে। গোলাঘাট জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰা প্রিজাইডিং পোলিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীসকল নিজ নিজ ভোটকেন্দ্র অভিমুখে যাত্ৰ...

April 3, 2025 8:22 PM

views 26

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। কাইলৈ পুৱা মূল তোৰণ উন্মোচন, পতাকা উত্তোলন, ছহিদ তৰ্পণ, সতীৰ্থ স্মৰণ আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অধিৱেশনতে পৰিষদৰ নতুন কেন্দ্রীয় সমিতি গঠন কৰা হ'ব। অধিৱেশনৰ অংশ হিচাপে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে শোভাযাত্রা উলিওৱা হ'ব।

March 25, 2025 6:51 PM

views 26

গোলাঘাটৰ চক্ৰধবজ সমন্বয় ক্ষেত্ৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনত তৰাচিৰা বিহু অনুষ্ঠিত

গোলাঘাট জিলাৰ মেৰাপানীৰ হাতীয়ে খোৱা চক্ৰধবজ সমন্বয় ক্ষেত্ৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনৰ অংশ হিচাপে তৰাচিৰা বিহু অনুষ্ঠিত হৈছে। এই উপলক্ষে অধিৱেশনস্থলীত কমেও দুহেজাৰ নাচনীয়ে খোলাং বুঢ়ী নাচ পৰিৱেশন কৰিব। এই অধিৱেশনত জনগোষ্ঠীটোৰ পৰম্পৰাগত ৰীতি- নীতি, আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক বিষয়সমূহ প্রতিফলিত হ'ব। মৰাণত যোৱা দেওবাৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় তৰাচিঙা বিহু স্থায়ী সমিতি আৰু উষাপুৰ মহিল...

February 11, 2025 11:16 AM

views 38

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰসঙ্গত গোলাঘাট জিলা দণ্ডাধীশৰ নিষেধাজ্ঞা

■ সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে ৩ জন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে। একে দূৰত্বৰ ভিতৰত বিস্ফোৰক বা সন্দেহজনক সামগ্রী নিয়া, অবৈধভাৱে পাৰ্কিং কৰা, লাউডস্পীকাৰ বজোৱা, ইলেকট্রনি...

December 30, 2024 12:43 PM

views 29

গোলাঘাটৰ খুমটাইত ৩ দিনীয়া কাৰ্যসূচীৰে খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন

গোলাঘাট জিলাৰ খুমটাইত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন কৰা হৈছে। মন্ত্ৰী অতুল বৰাই বিধায়ক মৃণাল শ‍ইকীয়াৰ সৈতে কালি এই উৎসৱ সন্দৰ্ভত আলোচনাত মিলিত হয়। এই প্ৰয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উদ্ভিদ আৰু ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত যুৱ উদ্যমীসকলক উৎসাহ যোগোৱা তথা ৰাইজৰ হিতার্থে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে তেওঁ বিধায়কগৰাকীক ধন্যবাদ জনায়।

December 26, 2024 12:29 PM

views 17

গোলাঘাট জিলাৰ বন সংমণ্ডলৰ ব্যতিক্রমী প্রচেষ্টা

গোলাঘাট জিলাৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্রস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্রমী প্রচেষ্টা হাতত লৈছে । ইয়াৰ অংশ হিচাপে ক্ষতিগ্রস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলা বন বিষয়া সুশীল কমাৰ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়া তন্ময় ভৰদ্বাজে জিলাখনৰ ভিতৰত বন্যপ্ৰাণীৰ পৰা সর্বাধিক ক্ষতিগ্রস্ত হোৱা মৰঙী মৌজাৰ বকিয়াল বন খণ্ড কার্যালয়ত নিজে উপস্থিত থাকি পীড়িতসকলৰ পৰা আবেদন গ্ৰহণ কৰিছে। চৰকাৰৰ সু-শাসন কাৰ্যসচীৰ অংশস্বৰূপে গ্ৰহণ কৰা এই পদক্ষেপৰ লগতে বন...

December 14, 2024 3:10 PM

views 27

অসম চৰকাৰৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে গোলাঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত জিলাখনৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিত থাকে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্রী শর্মাই গোলাঘাটত নির্মিয়মান চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ও পৰিদৰ্শন কৰিব। বিকাশৰ ১২ দিনৰ কাৰ্যসূচীৰ অধ...