July 22, 2025 12:01 PM

views 13

গোলাঘাটৰ উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে দখল কৰি থকা লোকক ৭ দিনৰ ভিতৰত ভূমি খালী কৰিবলৈ বন বিভাগৰ জাননী

গোলাঘাট জিলা বন বিভাগে জিলাখনৰ উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবলগীয়া ৩০ খন গাঁৱত অবৈধভাৱে দখল কৰি থকা লোকসকলক সাত দিনৰ ভিতৰত ভূমি খালী কৰি দিবলৈ জাননী জাৰি কৰিছে। এই নিৰ্দেশত বন বিভাগে বনাঞ্চল ধ্বংস কৰি ঘৰ-বাৰী স্থাপন কৰাৰ লগতে বনভূমিক কৃষি ভূমিলৈ ৰূপান্তৰিত কৰা হৈছে বুলি উল্লেখ কৰিছে। ইয়াৰ দ্বাৰা অসম বন বিধি, ১৮৯১ আৰু সংশোধিত আইন, ১৯৯৫ ৰ ২৫ আৰু ২৬ ধাৰা সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে বুলি কোৱা হৈছে। ৭ দিনৰ ভিতৰত দখলকাৰীসকলে বন বিভাগৰ ভূমি খালী নকৰিলে আইন অনুসৰি উচ্ছেদৰ ব্যৱ...