September 6, 2025 7:30 PM September 6, 2025 7:30 PM

views 5

গোলাঘাটৰ নুমলীগড়ত ১৪ ছেপ্টেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে গোলাঘাট প্রশাসনে প্রধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ ব্যাপক প্রস্তুতি চলাইছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই আজি এই প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ লগতে অসম পৰ্যটন উন্নয়ন বোর্ডৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, প্ৰাক্তন সাংসদ তপন গগৈ, অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহা পৰিদৰ্শক অখিলেশ কুমাৰ সিং, গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙকে...