January 6, 2025 12:29 PM

views 10

গোলাঘাটৰ মেৰাপানীত গঁড়ৰ খৰ্গসহ ৪জন সন্দেহযুক্ত সৰবৰাহকাৰীক আটক

গোলাঘাট জিলাৰ মেৰাপানীৰ তৰাণী কল্যাণপুৰত গোলাঘাট আৰক্ষীয়ে নিশা অভিযান চলাই বিনোদ বৰুৱা নামৰ এজন লোকৰ বাসগৃহৰ পৰা এটা গঁড়ৰ খৰ্গসহ চাৰিজন সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীৰ অভিযানত জব্দ কৰা খৰ্গটোৰ ওজন প্রায় ডেৰ কিলোগ্রাম বুলি জানিব পৰা গৈছে। আটক কৰা সন্দেহযুক্ত সৰবৰাহকাৰীকেইজনৰ নাম বিনোদ বৰুৱা, ফাৰুক আলী, নুৰ জামান আৰু ৰূপম বৰুৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে।