July 30, 2024 7:07 PM July 30, 2024 7:07 PM

views 7

গোলাঘাটৰ অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্তত বান, কেইবাখনো গাঁও প্লাৱিত

দুদিন ধৰি হোৱা নেৰানেপেৰা বষুণৰ ফলত গোলাঘাট জিলাৰ অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্তত বানপানীৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ পৰা নামি অহা পানীয়ে মেৰাপানীৰ চাংখাতি অঞ্চলৰ কেইখনো গাঁও প্লাৱিত কৰিছে। চাংখাতি, কল্যাণপুৰ, শান্তিপুৰ, গ্লানপুৰ, দয়ালপুৰকে ধৰি কেইবাখনো গাঁও বানত ডুব গৈছে। শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ পানীত ডুব যোৱাৰ লগতে শ শ বিঘা কৃষি ভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে। বাঢ়নি পানীৰ ফলত চাংখাতি নৈৰ মথাউৰি ভগাৰ ফলত ৰতনপুৰ সংযোগী পথেৰে যাতায়াত ব্যাহত হৈছে।