August 3, 2024 8:35 PM August 3, 2024 8:35 PM

views 6

গোলাঘাটত ব্ৰহ্মপুত্র নদীপৃষ্ঠৰে নুমলীগড়ৰ পৰা গহপুৰ সংযোগী ৪ লেনযুক্ত প্ৰস্তাৱিত সুৰংগ পথৰ নিৰ্মাণ সম্পৰ্কীয় সভা

ব্ৰহ্মপুত্র নদীপৃষ্ঠৰে নুমলীগড়ৰ পৰা গহপুৰ সংযোগী চাৰে ষোল্ল কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪ লেনযুক্ত প্ৰস্তাৱিত সুৰংগ পথটোৰ নিৰ্মাণ সম্পৰ্কীয় এখন সভা আজি গোলাঘাটত অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই সভাপতিত্ব কৰে। প্ৰস্তাৱিত সুৰংগ পথটোৰ সম্ভাৱ্য সুবিধা আৰু ত্রুটি-বিচ্যুতিৰ বিষয়ে আলোচনা কৰা সভাখনত কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক মৃণাল শ‍ইকীয়াৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ স্থানীয় বিষয়া আৰু কাৰিকৰী অভিযন্তাসকল উপস্থিত থাকে ।