July 17, 2025 1:41 PM

views 16

গোলাঘাটৰ মৰঙি কৃষি উন্নয়ন চক্ৰৰ ফলঙনিত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কঠীয়া সিঁচা কাৰ্যসূচী

গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ মৰঙি কৃষি উন্নয়ন চক্ৰৰ ফলঙনিত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৫-২৬ৰ অধীনত সামুহিক কঠীয়াতলী প্ৰস্তুত কৰাৰ বাবে কঠীয়া সিঁচা কাৰ্যসূচী সম্পন্ন হয়। অঞ্চলটোৰ কৃষি ক্ষেত্ৰৰ সৈতে জড়িত এটা কৃষক গোটৰ সহযোগত ৪০ বিঘা ভূমিত কঠীয়া সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচী আৰম্ভ কৰি জিলা কৃষি বিষয়া ৰঞ্জন বৰুৱাই কয়, যে জিলাখনৰ ছটা ৰাজহ চক্ৰৰ কেইবা হেক্টৰ কৃষি ভূমি বানে নষ্ট কৰাৰ ফলত কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্রস্ত কৃষকসকলক সহায়ৰ বাবে এই ব্যৱস্থা লোৱা হৈ...