September 18, 2025 8:57 PM
18
গোলাঘাটত বান পৰিস্থিতিৰ বাবে ছমহীয়া পৰীক্ষা স্থগিত
গোলাঘাট জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে পৰহিলৈৰ পৰা হ'বলগীয়া ছমহীয়া পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰি নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। একেদৰে জিলাখনৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাসমূহো পিছুৱাই দিয়া হৈছে। জিলা আয়ুক্তৰ নিৰ্দেশনা ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।