July 7, 2025 1:49 PM July 7, 2025 1:49 PM

views 10

গোলাঘাটত ধনশিৰি নৈৰ বাঢ়নী পানীত দুকুৰিৰো অধিক গাঁও প্লাৱিত

গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলীগড়, খুমটাই, মৰঙি আদি অঞ্চলৰ দুকুৰিৰো অধিক গাঁও প্লাৱিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান কৈৰী গাঁও, চেৱাগুৰি, শিঙিমাৰী, শিমলুচাপৰি আদি অঞ্চল বানে প্লাৱিত কৰাৰ ফলত ৰাইজে ঘৰ এৰি মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে। বানাক্রান্ত লোকসকলে ইতিমধ্যে জিলা প্রশাসনে ব্যৱস্থা কৰি দিয়া শিবিৰত আশ্ৰয় গ্ৰহণ কৰাৰ লগতে পশুধনসমূহকো নিৰাপদ স্থানলৈ স্থ...