July 29, 2025 7:26 PM
22
গোলাঘাটৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান, ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য
গোলাঘাটৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি পুৱা আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগে উচ্ছেদ অভিযান চলাইছে। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত দুহেজাৰ ৬০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰশাসনে অঞ্চলটোত উচ্ছেদৰ বাবে এশৰো অধিক এক্সকেভেটৰ ব্যৱহাৰ কৰিছে। বন বিভাগৰ জাননী পোৱাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰী বিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি ...