July 17, 2024 8:33 PM

views 20

গোলাঘাটৰ বৰকছাৰীত সুৰাভৰ্তি ট্ৰাক জব্দ, ৭জনক আটক

গোলাঘাট আৰক্ষীয়ে আজি মেৰাপানী আৰু ঘিলাধাৰী আৰক্ষীৰ সহযোগত বৰকছাৰী অঞ্চলৰ পৰা এখন সুৰাভৰ্তি ট্ৰাক জব্দ কৰে। যোৰহাটৰ পৰা মেৰাপানী হৈ নাগালেণ্ড অভিমুখে লৈ যোৱাৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰা ট্রাকখনত ৪০ লাখৰো অধিক টকা মূল্যৰ সুৰা আছিল বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে লগতে সুৰা সৰবৰাহৰ ঘটনাত জড়িত ৭ জন লোকক আটক কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষী আৰু আৱকাৰী বিভাগে তদন্ত অব্যাহত ৰাখিছে।

May 14, 2024 8:49 PM

views 19

গোলাঘাটৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মাদক দ্রব্যসহ তিনিজন লোকক গ্ৰেপ্তাৰ

গোলাঘাট আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই যোৱা নিশা গোলাঘাটৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মাদক দ্রব্যসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। লোক তিনিজনে ডিমাপুৰৰ পৰা ৫ লক্ষাধিক টকা মূল্যৰ মাদক দ্রব্য দুখন বাহনত সৰবৰাহ কৰি গোলাঘাট অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ত কৰে। লোক তিনিজনক সোধা-পোছা কৰি থকা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। ইফালে লামডিং ৰে’ল ষ্টেচনত আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত ৩০ কিলোগ্রাম ভাং জব্দ কৰাৰ উপৰি দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।