October 17, 2024 8:13 PM

views 49

গোলাঘাট জিলা প্রশাসনৰ পেট্রল পাম্পত নো হেলমেট নো ফিউল বেনাৰ লগাবৰ বাবে আদেশ জাৰি

গোলাঘাট জিলা প্রশাসনে পথ সুৰক্ষাৰ অন্যতম পদক্ষেপ হিচাপে নীতি বহির্ভুতভাৱে হেলমেট নিপিন্ধাকৈ অহা মটৰ চাইকেল আৰোহীক খোলাকৈ পেট্রলজাত সামগ্ৰী বিক্ৰী কৰা কাৰ্য বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰি সকলো পেট্রল পাম্পত নো হেলমেট নো ফিউল বেনাৰ লগাবৰ বাবেও আদেশ জাৰি কৰিছে। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰাইজক নিজৰ বহুমুলীয়া জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত দুচকীয়া বাহন চলাওতে হেলমেট পৰিধান কৰাৰ লগতে অন্যান্য পথ সুৰক্ষাৰ নিয়মসমূহ মানি চলিবলৈ অনুৰোধ জনাইছে।