September 24, 2024 7:32 PM September 24, 2024 7:32 PM

views 4

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বতন্ত্র মহাবিদ্যালয় মর্যাদা প্রদান

বিশ্ববিদ্যালয় অনুদান আয়োগে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ক স্বতন্ত্র মহাবিদ্যালয় মর্যাদা প্রদান কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই বিষয়ত সন্তোষ প্রকাশ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে প্ৰতিগৰাকী ব্যক্তি তথা শিক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। ভৱিষ্যতে মহাবিদ্যালয়খনৰ সুনামৰ পৰিধি বিস্তৃত হোৱাৰ বাবে অধিক মনোনিৱেশ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়।