May 23, 2024 6:42 PM

views 18

গোলাঘাট জিলাৰ বোকাখাতত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আৰম্ভ

গোলাঘাট জিলাৰ বোকাখাতত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ আৰম্ভ হৈছে। শিশু বিজ্ঞান সমিতি, অসমৰ উদ্যোগত আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ সহযোগত এই সমাৰোহ অনুষ্ঠিত হৈছে। শিশুসকলৰ মনৰ পৰা অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক মানসিকতা গঢ় দিয়াৰ উদ্দেশ্যৰে এই সমাৰোহৰ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন, স্মৃতিতর্পণ আৰু প্ৰদৰ্শনী মুকলিৰ পাছতে সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ ভৱেশ চন...