January 16, 2025 6:57 PM

views 15

গোলাঘাটৰ বালিজানত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক অধিৱেশন

গোলাঘাট জিলাৰ বোকাখাতৰ বালিজান নতুন গাঁৱৰ বানেশ্বৰ মহন্ত সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বিবার্ষিক ৰাজ্যিক অধিৱেশনৰ আয়োজন কৰা হৈছে। কৃষিমন্ত্রী তথা অধিৱেশন উদযাপন সমিতিৰ সভাপতি অতুল বৰাই কালি এই অধিৱেশনৰ প্রস্তুতি পর্যালোচনা কৰে। তেওঁ এই কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলোকে সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়। এই অধিৱেশনৰ অংশ হিচাপে যুৱ আৰু মহিলা সমাৰোহ, নাম সমাৰোহ, মুকলি সভা, শিশু আৰু চেমনীয়াৰ মাজত বৰগীত, সত্ৰীয়া নৃত্য, জ্যোতি সংগীত, বক্তৃতা ...