October 30, 2025 8:52 PM

views 37

গহপুৰত হ’বলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাৰ

বিশ্বনাথ জিলাৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহ বাগিচাত অহা ৮ নৱেম্বৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আধাৰশিলা স্থাপন কৰিবলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান আজি জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই পৰিদৰ্শন কৰে। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিত ৭৪০ বিঘা ভূমি সামৰি এই বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ'ব। বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়সমূহৰ লগতে কৃত্রিম বুদ্ধিমত্তা, ৰবটিক চায়েন্স, থ্রী-ডি প্রিন্টিঙকে ধৰি আধুনিক বিষয়সমূহ অন্তর্ভুক্ত হ'ব। মন্ত্রী হাজৰিকাই আজি নির্মাণস্থলীত ...