March 16, 2025 8:58 PM

views 24

গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত পৰম্পৰাগতভাৱে সুৱেৰি উৎসৱ পালন

গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত আজি পৰম্পৰাগতভাৱে সুৱেৰি উৎসৱ পালন কৰা হয়। দৌল উৎসৱৰ অংশ হিচাপে আয়োজিত এই উৎসৱত পৰম্পৰা অনুসৰি বিভিন্ন স্থানৰ পৰা কলিয়া গোঁসাইসকলক একেটা স্থানত একত্ৰিত কৰি আশীষ লোৱা হয়। তদুপৰি সমবেত লোকসকলে পৰস্পৰৰ দেহত ফাকু সানি ৰঙৰ উৎসৱ পালন কৰে। জিলাখনৰ বগুৱান, টিলাপাৰা, বাপুজী নগৰ আদি অঞ্চলত কেইবা হাজাৰ ভক্তৰ সমাবেশ ঘটে।