July 18, 2025 8:13 PM July 18, 2025 8:13 PM

views 3

গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চোকা পহৰাৰ ব্যৱস্থা

গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত কালি সংঘৰ্ষ হোৱা স্থানৰ পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে আৰু আৰক্ষীয়ে অঞ্চলটোত চোকা পহৰাৰ ব্যৱস্থা কৰিছে। অসম আৰক্ষীৰ পশ্চিম অসম সংমণ্ডলৰ উপ মহা পৰিদৰ্শক ডি. বিজয় কুলিগামে অঞ্চলটোত উপস্থিত হৈ আজি পৰিস্থিতি নিৰীক্ষণ কৰে। অঞ্চলটোত আৰক্ষীৰ ৰেপিড এক্সন ফোৰ্ছ মোতায়েন কৰা হৈছে। কালি আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। ইপিনে, আৰক্ষী, বনৰক্ষী আৰু বনাঞ্চলৰ উচ্ছেদিত লোকৰ মাজত লগা সংঘৰ্ষৰ ...