September 21, 2024 9:16 PM

views 22

গোৱালপাৰাৰ আগিয়াত অনুষ্ঠিত শ্বহীদ নিধানুৰাম ৰাজবংশী সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত বাইজুৰি দল চেম্পিয়ন

গোৱালপাৰা জিলাৰ আগিয়াৰ জে এন মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আয়োজিত অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰথম শ্বহীদ নিধানুৰাম ৰাজবংশী সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ সাহায্যত অনুষ্ঠিত প্রতিযোগিতাখনৰ চূড়ান্ত খেলত বাইজুৰি ফুটবল দল আৰু বৰদামাল ফুটবল দল মুখামুখি হয়। নিৰ্ধাৰিত সময়ত ২-২ গ'লত ড্র হোৱা খেলখনত টাইব্ৰেকাৰৰ সহায়ত বাইজুৰি ফুটবল দলে প্রতিপক্ষক ৫-৪ গ’লত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। বঁটা বিতৰণী সভাত ৰাভা-হাছং স্বায়ত...