September 2, 2025 1:37 PM September 2, 2025 1:37 PM

views 7

গোৱালপাৰা জিলাৰ মাটিয়াত আৰক্ষীৰ গুলীত আহত ডকাইত

গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত কদমতোলা গোপালপুৰত কালি নিশা আৰক্ষীৰ গুলীত এজন ডকাইত আহত হয়। আহত ডকাইতজনক ৰাজিবুল আলী বুলি চিনাক্ত কৰা হৈছে। শুকুৰবাৰে নিশা টিপলাইট সংঘটিত ডকাইতিৰ ঘটনাত ৰাজিবুল আলী জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আনহাতে টিপলাইট হোৱা ডকাইতি ঘটনাত জড়িত ৰাহুল কোচ, অপূৰ্ব ৰাভা আৰু অবিনাশ ৰাভা নামৰ আন তিনিজন ডকাইতকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই তিনিজন ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি নিশা আৰক্ষীয়ে ৰাজিবুল আলীক গ্ৰেপ্তাৰ কৰে। ডকাইতৰ দলটোৱে জংঘলত লুকাই থোৱা আ-অলংকাৰ উ...