November 10, 2025 12:50 PM

views 33

গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ, ১,১৪০ বিঘা ভূমি দখলমুক্ত

গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে কালি দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাই এহেজাৰ ১৪০ বিঘা ভূমি দখলমুক্ত কৰে। সংৰক্ষিত এই বনাঞ্চলত অবৈধভাৱে ৫৮০ টা পৰিয়ালে দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল আৰু এমাহ পূৰ্বে প্ৰশাসনে এই লোকসকলক উচ্চেদ জাননী জাৰি কৰিছিল। এই জাননী লাভ কৰাৰ পাছতে প্রায়সমূহ পৰিয়ালে সেই স্থান ত্যাগ কৰে যদিও প্রশাসনে কালি বাকী থকা পৰিয়ালসমূহৰ ঘৰ-দুৱাৰ উচ্চেদ কৰে। উচ্চেদ সময়ত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ বাবে প্ৰশাসনে দুজন লোকক আটক কৰে। বন আৰু পৰিবেশ বিভাগৰ বিশেষ মুখ্য সচিবে শান্তিপ...

November 8, 2025 1:22 PM

views 40

গোৱালপাৰাৰ দহিকটা বনাঞ্চলত কাইলৈ-পৰহিলৈ উচ্ছেদ অভিযান, সাজু জিলা প্ৰশাসন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কাইলৈ আৰু পৰহিলৈ গোৱালপাৰাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ঘোষণা কৰে। এই ঘোষণাৰ পাছতে উচ্ছেদ অভিযানৰ পূৰ্বেই দখলকাৰীসকলে স্ব-ইচ্ছাই সেই ঠাই ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে। ইয়াৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ এহেজাৰ ১৪০ বিঘা ভূমি দখলমুক্ত কৰা হ'ব।

June 16, 2025 7:45 PM

views 26

গোৱালপাৰাৰ হাচিলাবিলত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান প্ৰশাসনৰ

গোৱালপাৰা জিলাৰ বালিজানৰ ৰাজহ চক্ৰ অন্তৰ্গত হাচিলাবিলত আজি প্ৰশাসনে দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। দীৰ্ঘদিনৰ পৰা হাচিলাবিলৰ ভূমিত ৬৬৭টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আহিছিল। উচ্ছেদ অভিযানৰ পূৰ্বে একাংশ পৰিয়ালে স্ব-ইচ্ছাই সেই স্থান ত্যাগ কৰে। প্ৰশাসনে আজি সেই স্থানত উপস্থিত হৈ অৱশিষ্ট পৰিয়ালৰ প্ৰায় ৬০ শতাংশ উচ্ছেদ কৰে। বাকী পৰিয়ালসমূহৰ ঘৰ দুৱাৰ কাইলৈ উচ্ছেদ কৰা হ'ব বুলি জিলা প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিছে। উচ্ছেদস্থলীত আইন শৃংখলা যাতে অৱনতি নঘটে তাৰ বাবে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হয...

December 13, 2024 8:54 PM

views 20

বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ গোৱালপাৰা জিলা প্ৰশাসনৰ

গোৱালপাৰা জিলা প্ৰশাসনে আজি বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ কৰে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে, এই পৰিয়ালসমূহক প্রশাসনে কেইবাবাৰো আঁতৰি যাবলৈ জাননী দিছিল যদিও, তেওঁলোক আঁতৰি নোযোৱাত প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিবলৈ বাধ্য হয়। গোৱালপাৰা জিলাৰ অতিৰিক্ত আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বালিজান ৰাজহচক্ৰ বিষয়া কেইগৰাকীৰ তত্বাৱধানত চলা এই উচ্ছেদ অভিযান কালত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

September 24, 2024 9:07 PM

views 34

গোৱালপাৰাৰ লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান

গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত আজি জিলা প্ৰশাসনৰ সহযোগত বন বিভাগে উচ্ছেদ অভিযান চলায়। অঞ্চলটোৰ ১১৮ হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৫৫ হেক্টৰ ভূমিত ৪৫০টা পৰিয়াল অবৈধভাৱে বসবাস কৰি আছিল। কিছুদিন পূর্বে বন বিভাগে অবৈধভাৱে বসবাস কৰা এই পৰিয়ালসমূহক উচ্ছেদ কৰাৰ জাননী জাৰি কৰিছিল। জাননী পোৱাৰ পাছতে প্ৰায়বোৰ পৰিয়ালে অঞ্চলটো ত্যাগ কৰে যদিও বাকী থকা পৰিয়ালসমূহৰ গৃহত আজি উচ্ছেদ চলোৱা হয়। উল্লেখযোগ্য যে হাতী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে এই পদ...