January 4, 2025 12:16 PM January 4, 2025 12:16 PM

views 8

গোৱালপাৰাৰ দুধনৈত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা জিলাৰ দুধনৈত কালি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ড° শৰ্মাই উদয়পুৰত সচিবালয় ভৱন উদ্বোধন কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰশাসনিক প্ৰয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে লগতে ৰাভা জনগোষ্ঠীৰ বৰ্ণাঢ্য সংস্কৃতিক প্ৰতিফলিত কৰা এটা সংগ্রহালয়ো উদ্বোধন কৰে। ১ কোটি ৮০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সংগ্ৰহালয়ত ৰাভাসকলৰ শিল্প-কলা, পৰম্পৰাগত সাজ-পাৰ আদি সংৰক্ষণ কৰা হ'ব। ...