November 23, 2024 6:41 PM

views 15

গোৱাত অনুষ্ঠিত ভাৰত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত ববী শৰ্মা বৰুৱাৰ ছবি ‘ৰ’দৰ পাখি’ প্ৰদৰ্শন

গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত আজি ড০ ববী শৰ্মা বৰুৱাই পৰিচালনা কৰা ‘ৰ'দৰ পাখি' ছবিখন প্ৰদৰ্শন কৰা হয়। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ প্ৰতি সংবেদনশীলতাৰে নিৰ্মাণ কৰা এই ছবিখনে ভাৰতীয় পেন’ৰামাত প্ৰদৰ্শন কৰা হৈছে। আজি আন এটা প্ৰদৰ্শনীত ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিচন প্ৰতিষ্ঠানৰ ছাত্ৰ এলভেচিয়া চাংমা আৰু দিপাংকৰ দাসৰ দ্বাৰা নিৰ্মিত গাৰো ভাষাৰ চলচ্চিত্ৰ ‘চাঞ্চুচিয়া’ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে এই চলচ্চিত্ৰ মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০খন ছবি প...