November 27, 2025 7:56 PM

views 11

কাইলৈ ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ সামৰণি

 গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ কাইলৈ সামৰণি পৰিব। মহোৎসৱৰ কলা একাডেমী প্রেক্ষাগৃহত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্র অনুষ্ঠিত হয়। ইয়াৰে এখনত সর্বকালৰ জনপ্ৰিয় হিন্দী চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ হোৱা বিষয়ক লৈ ছবিখনৰ পৰিচালক ৰমেশ চিপ্পিয়ে অংশগ্রহণ কৰে। সদ্যপ্রয়াত যশস্বী অভিনেতা তথা শ্বোলে চলচ্চিত্ৰৰ বীৰু চৰিত্ৰত অভিনয় কৰা ধর্মেন্দ্ৰৰ প্ৰতি অনুষ্ঠানত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত আজি আন এখন গুৰুত্বপূৰ্ণ ...

November 23, 2025 11:27 AM

views 41

গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক IFFI-ত ববিতা শৰ্মা পৰিচালিত ভূপেনদা আনকাট ছবিখন প্ৰদৰ্শন হ’ব

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-IFFI-ত আজি ববিতা শৰ্মা পৰিচালিত ভূপেনদা আনকাট ছবিখন প্ৰদৰ্শন কৰা হ'ব। চলচ্চিত্ৰ মহোৎসৱৰ কালি তৃতীয় দিনা ইটালিয়ান, বাংলা, অসমীয়া ছবিকে ধৰি বহু প্ৰসিদ্ধ পৰিচালকৰ ছবি প্ৰদৰ্শন কৰা হয়। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্র মহোৎসৱত দেশ-বিদেশব চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্র প্রেমীসকলৰ আগমন হৈছে। এইবাৰৰ মহোৎসৱক জাপানক বিশেষভাবে গুৰুত্ব দিয়া হৈছে। তদুপৰি স্পেইন, সহযোগী বাষ্ট আৰু অষ...