November 25, 2024 12:03 PM November 25, 2024 12:03 PM

views 7

গোৱাত অনুষ্ঠিত ৫৫সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আজি ষষ্ঠ দিন

গোৱাত চলি থকা ৫৫সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আজি ষষ্ঠ দিন। মহোৎসৱত কালি ৰাজেশ ভূঞাই পৰিচালনা কৰা স্বৰ্গৰথ ছবিখন প্ৰদৰ্শিত হয়। ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবিখনে দেশ-বিদেশৰ বহু দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে। উল্লেখযোগ্য যে এই চলচ্চিত্ৰ মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০খন ছবি প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে। বিভিন্ন শিতানত এইবাৰ প্ৰায় ৪০০খন ছবি প্রদর্শিত হ'ব। ইয়াৰ ভিতৰত বিশ্বৰ ৮১খন দেশক প্রতিনিধিত্ব কৰা ১৮০খন বিদেশী ছবি আছে। এইবাৰৰ মহোৎসৱত অষ্ট্ৰেলিয়াক মূল দেশৰূপে স্বীকৃতি দিয়া হৈছে আৰু অষ...