December 7, 2025 8:41 PM

views 20

গোৱাত সংঘটিত অগ্নিকাণ্ডত কেইবাগৰাকী লোকৰ প্রাণ হেৰুওৱাৰ ঘটনাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শোকপ্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গোৱাত সংঘটিত অগ্নিকাণ্ডত কেইবাগৰাকী লোকে প্রাণ হেৰুওৱাৰ ঘটনাত শোকপ্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীশ্বাহে কয়, যে স্থানীয় প্রশাসনে উদ্ধাৰ তথা সাহায্য অভিযান অব্যাহত ৰখাৰ লগতে এই ঘটনাত পীড়িতসকলৰ বাবে চিকিৎসালৰ ব্যৱস্থা কৰিছে। নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি গৃহমন্ত্ৰীগৰাকীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।