December 23, 2025 12:32 PM

views 32

গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত বিজেপি-এম জি পিৰ মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা লাভ

সদ্য সমাপ্ত গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত বিজেপি-এম জি পিৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ ৫০খন জিলা পঞ্চায়ত আসনৰ ভিতৰত ৩০খনতকৈও অধিক আসনত দুয়োটা দলে জয়লাভ কৰে। আনহাতে কংগ্ৰেছে ১০খন আৰু আপ তথা ৰিভ'লিউচনৰী গোৱান পাৰ্টীয়ে এখনকৈ আসন লাভ কৰে। যোৱা ২০ ডিচেম্বৰত ভোটগ্রহণ হোৱা নিৰ্বাচনত চাৰিগৰাকী নির্দলীয় প্রার্থীয়েও জয়লাভ কৰিছে।