November 27, 2025 1:05 PM November 27, 2025 1:05 PM

views 13

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰে এখনত সৰ্বকালৰ জনপ্ৰিয় চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ আৰু আনখনত উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্ৰ নির্মাতাই অংশ ল'ব। কালি এই মহোৎসৱত দুখন অসমীয়া চলচ্চিত্র ভাইমন দা আৰু পত্ৰলেখাৰ পুনৰ প্ৰদৰ্শন কৰা হয়। লগতে কাঁন চলচ্চিত্ৰ মহোৎসৱত পামদিঅ'ৰ বঁটা লাভ কৰা জাফৰ পানাহী পৰিচালিত ইৰানৰ ছবি ইট ৱাজ জাষ্ট এন এ...

November 24, 2025 8:31 PM November 24, 2025 8:31 PM

views 11

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্বাহিদ ষ্টুডিঅ’ৰ দ্বাৰা পৰিচালিত কংকনী চুটি ছবি ঘৰ প্ৰদৰ্শিত

গোৱাত অনুষ্ঠিত হৈ থকা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি শ্বাহিদ ষ্টুডিঅ'ৰ দ্বাৰা পৰিচালিত কংকনী চুটি ছবি ঘৰ প্ৰদৰ্শিত হৈ যায়। ৰবি কিশোৰ আৰু ৰোহিত খাণ্ডেকৰে মুখ্য ভূমিকা ৰূপায়ণ কৰা এই ছবিখনত এখন ঘৰ আৰু ঘৰখনৰ সদস্যসকলৰ মাজত থকা বিভিন্ন অনুভূতিসমূহ সুন্দৰভাৱে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। সম্পূৰ্ণৰূপে গোৱাত চিত্ৰগ্ৰহণ কৰা এই ছবিখনৰ বাহিৰেও পূৰ্বৰ গোৱাৰ চলচ্চিত্ৰ মহোৎসৱত একে প্ৰযোজনাৰ ৫খন ছবি প্ৰদৰ্শিত হৈছে।

November 7, 2024 8:11 PM November 7, 2024 8:11 PM

views 12

গোৱাত থলুৱাভাৱে নির্মিত বিমান পৰিবাহী যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা নৌ সৈন্যবাহিনীৰ অভিযান প্ৰত্যক্ষ ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গোৱাত থলুৱাভাৱে নির্মিত বিমান পৰিবাহী যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা নৌ সৈন্যবাহিনীৰ অভিযান প্ৰত্যক্ষ কৰে। তেওঁ বিমানবাহী যুদ্ধ জাহাজখনত জাহাজৰ পৰিচালনা, যুদ্ধৰ কৌশল, ছাবমেৰিনৰ অভ্যাস আদিৰ লগতে যুদ্ধ বিমানৰ উৰণ আৰু অৱতৰণ প্ৰত্যক্ষ কৰে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীক নৌবাহিনীৰ বিমান ঘাটী ডাবলীমত আই এন এছ হংসত অভিবাদন জনোৱা হয়।