January 24, 2026 12:01 PM

views 9

গোৱাত অহা ২৭ৰ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ

গোৱাত অহা ২৭ৰ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ হ'ব। নতুন দিল্লীত আজি এই কার্যসূচী সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কয়, যে এই শক্তি সম্মিলনে শক্তি সুৰক্ষা, অর্থনৈতিক আৰু স্থায়ী বিকাশ সন্দৰ্ভত ভাৰতৰ প্রতিশ্রুতিবদ্ধতাক প্রতিফলিত কৰে। এই অনুষ্ঠানত ৭৫ হাজাৰতকৈও অধিক প্রতিনিধিয়েও ভাগ লোৱাৰ সম্ভাৱনা আছে। তেওঁ কয়, যে মাত্র ৪ বছৰতে ভাৰত শক্তি সপ্তাহে গোলকীয় শক্তি খণ্ডত এটা অনন্য স্থান লাভ কৰিবলৈ সমর্থ হৈছে। সন্মিলনত ...

January 23, 2026 7:54 PM

views 7

গোৱাত অহা ২৭ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ

 গোৱাত অহা ২৭ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ হ'ব। নতুন দিল্লীত আজি এই কার্যসূচী সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কয় যে বছৰটোৰ প্ৰথমখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্রীয় শক্তি সন্দৰ্ভত এই অনুষ্ঠানত ৭৫ হাজাৰতকৈও অধিক প্রতিনিধিয়েও ভাগ লোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে কানাডা, আৰৱ আমেৰি ৰাষ্ট্ৰ, চূডান, জিম্বাবুৰে, ট্রিনিডাত, টোবাগো, ওমান আৰু ব্রুনেইকে ধৰি ১৭ খন ৰাষ্ট্ৰৰ মন্ত্ৰী আৰু উপ-মন্ত্রীয়ে অংশগ্ৰহণ কৰিব।

November 27, 2025 1:05 PM

views 23

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰে এখনত সৰ্বকালৰ জনপ্ৰিয় চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ আৰু আনখনত উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্ৰ নির্মাতাই অংশ ল'ব। কালি এই মহোৎসৱত দুখন অসমীয়া চলচ্চিত্র ভাইমন দা আৰু পত্ৰলেখাৰ পুনৰ প্ৰদৰ্শন কৰা হয়। লগতে কাঁন চলচ্চিত্ৰ মহোৎসৱত পামদিঅ'ৰ বঁটা লাভ কৰা জাফৰ পানাহী পৰিচালিত ইৰানৰ ছবি ইট ৱাজ জাষ্ট এন এ...

November 24, 2025 8:31 PM

views 22

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্বাহিদ ষ্টুডিঅ’ৰ দ্বাৰা পৰিচালিত কংকনী চুটি ছবি ঘৰ প্ৰদৰ্শিত

গোৱাত অনুষ্ঠিত হৈ থকা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি শ্বাহিদ ষ্টুডিঅ'ৰ দ্বাৰা পৰিচালিত কংকনী চুটি ছবি ঘৰ প্ৰদৰ্শিত হৈ যায়। ৰবি কিশোৰ আৰু ৰোহিত খাণ্ডেকৰে মুখ্য ভূমিকা ৰূপায়ণ কৰা এই ছবিখনত এখন ঘৰ আৰু ঘৰখনৰ সদস্যসকলৰ মাজত থকা বিভিন্ন অনুভূতিসমূহ সুন্দৰভাৱে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। সম্পূৰ্ণৰূপে গোৱাত চিত্ৰগ্ৰহণ কৰা এই ছবিখনৰ বাহিৰেও পূৰ্বৰ গোৱাৰ চলচ্চিত্ৰ মহোৎসৱত একে প্ৰযোজনাৰ ৫খন ছবি প্ৰদৰ্শিত হৈছে।

November 7, 2024 8:11 PM

views 21

গোৱাত থলুৱাভাৱে নির্মিত বিমান পৰিবাহী যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা নৌ সৈন্যবাহিনীৰ অভিযান প্ৰত্যক্ষ ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গোৱাত থলুৱাভাৱে নির্মিত বিমান পৰিবাহী যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা নৌ সৈন্যবাহিনীৰ অভিযান প্ৰত্যক্ষ কৰে। তেওঁ বিমানবাহী যুদ্ধ জাহাজখনত জাহাজৰ পৰিচালনা, যুদ্ধৰ কৌশল, ছাবমেৰিনৰ অভ্যাস আদিৰ লগতে যুদ্ধ বিমানৰ উৰণ আৰু অৱতৰণ প্ৰত্যক্ষ কৰে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীক নৌবাহিনীৰ বিমান ঘাটী ডাবলীমত আই এন এছ হংসত অভিবাদন জনোৱা হয়।