August 26, 2025 8:06 PM

views 16

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক হিচাপে ড০ দেৱজিৎ‍ চৌধুৰীৰ দায়িত্ব গ্ৰহণ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক হিচাপে আজি ড০ দেৱজিৎ‍ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছে। ডাঃ চৌধুৰীয়ে দায়িত্ব গ্ৰহণ কৰিয়ে কয়, যে তেওঁ ৰাইজৰ লগতে কৰ্মচাৰীৰ সুবিধা হোৱাকৈ বিশেষ ফোন নম্বৰ মুকলি কৰাৰ ব্যৱস্থা কৰিব আৰু এই নম্বৰত যিকোনো অভিযোগ দাখিলৰ ব্যৱস্থা থাকিব। ডাঃ চৌধুৰীয়ে জনসাধাৰণৰ হকে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক আগবঢ়াই নিবলৈ যতপৰোনাস্তি চেষ্টা কৰিব বুলি কয়।