August 19, 2025 11:55 AM

views 18

GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ ৩ জনীয়া সমিতি গঠন

■ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত কালি এটি নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিনিজনীয়া সমিতি গঠন কৰি দিছে। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছুইটি চাংচন, চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিয়ে অহা ৩-৪ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। এই ঘটনাৰ সময়ত দায়িত্বত থকা নাৰ্ছগৰাকীক ৰাজ্য চৰকাৰে ইতিমধ্যে নিলম্বনৰ নিৰ্দেশ দিছে আৰু চিচিটিভি ফুটেজ চাই নিৰপেক্ষভাৱে ঘটনাৰ তদন্...

August 18, 2025 9:16 PM

views 37

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত বিছনাৰ পৰা পৰি দেওবাৰে এটি নৱজাতকৰ মৃত্যু

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত বিছনাৰ পৰা পৰি কালি এটি নৱজাতকৰ মৃত্যু হোৱাৰ লগতে আন এটি নৱজাতক গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে কালি বিয়লি এটি নৱজাতক বিছনাৰ পৰা পৰি যোৱাৰ লগতে আন এটি ফটো থেৰাপি মেচিনত ওলমি ৰয়। এগৰাকী মহিলাই এই ঘটনা প্রত্যক্ষ কৰি দায়িত্বত থকা চিকিৎসক আৰু নাৰ্ছক খবৰ দিয়াত দুয়োটা নৱজাতককে উদ্ধাৰ কৰা হয় যদিও এটি শিশুৰ মৃত্যু হয়। মৃত শিশুটিৰ যোৱা ১৫ আগষ্টত হাস্পতালখনত জন্ম হৈছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ তদন্...

January 11, 2025 8:46 PM

views 42

HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাইঃ ডাঃ অভিজিত শৰ্মা

HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই প্ৰকাশ কৰিছে। ভাৰতবৰ্ষত এই ভাইৰাছৰ অৱস্থিতি ২০০১ চনতে ধৰা পৰিছিল বুলি ব্যক্ত কৰি ডাঃ শৰ্মাই কয়, যে এইচ এম পি ভাইৰাছত সাধাৰণতে ৫ বছৰৰ তলৰ শিশুহে আক্রান্ত হয় আৰু আক্ৰান্ত হোৱা শিশুৰ গাত জ্বৰ, চৰ্দি, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে। তেওঁ সকলোকে সতর্কতামূলক ব্যৱস্থাসমূহৰ লগতে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়। লগতে অসুস্থ লোকসকলক জনসমাগম পৰিহাৰ কৰি চলিবলৈ পৰামৰ্শ দিয়ে। লগতে তেওঁ জ্বৰ...

August 18, 2024 7:29 PM

views 21

নিশা কৰ্তব্যত নিয়োজিত মহিলা চিকিৎসকসকলৰ বাবে জি এম চি এইচৰ কেজুৱেলিটি বিভাগত বিশেষ বাহনৰ ব্যৱস্থা

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আবাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কর্তৃপক্ষই সুৰক্ষাৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অচ্যুৎ বৈশ্যই জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি নিশা কৰ্তব্যত নিয়োজিত মহিলা চিকিৎসকলৰ বাবে জি এম চি এইচৰ কেজুৱেলিটি বিভাগত বিশেষ বাহনৰ ব্যৱস্থা থাকিব। মূল হাস্পতাল চৌহদ, ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, চি এন চেণ্টাৰ আৰু ৩ নম্বৰ ছাত্রাবাসলৈ অহা-যোৱা কৰাৰ বাবে কৰ্তব্যৰত চিক...

August 2, 2024 6:15 PM

views 27

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিভিন্ন সেৱাৰ মাছুল সামান্য বাঢ়িছে বুলি উল্লেখ কৰি আজি সংবাদ মাধ্যমৰ আগত ডাঃ শৰ্মাই কয় যে, ২০০২ চনতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাছুল বৃদ্ধি কৰা হৈছিল। যোৱা ছমাহ ধৰি সমগ্ৰ বিষয়টো এখন সমিতিয়ে পর্যালোচনা কৰাৰ লগতে বজাৰৰ দৰ পৰীক্ষা কৰি যুক্তিসংগতভাৱে বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি কৰিছে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ৮৫ শতাংশ লোকৰ প্ৰধান...