November 24, 2024 8:04 PM

views 27

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব নতুন দিল্লীৰ ভাৰত মণ্ডপমত আই চি এ গোলকীয় সমবায় সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত আই চি এ গোলকীয় সমবায় সন্মিলন মুকলি কৰিব। আন্তঃৰাষ্ট্ৰীয় সমবায় জোঁটৰ ১৩০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে গোলকীয় সমবায় সন্মিলন তথা সাধাৰণ সভা ভাৰতত অনুষ্ঠিত হ'ব। এই উপলক্ষে শ্রী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫ৰ সৈতে সংগতি ৰাখি এটা স্মাৰক ষ্টাম্প মুকলি কৰিব। এই অনুষ্ঠানত প্ৰায় ৩ হাজাৰ বিদেশী তথা ভাৰতীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ছদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমবায়সমূ...