April 3, 2025 1:12 PM

views 43

পৰম্পৰাগত অসমীয়া গহণাৰ জি আই টেগৰ স্বীকৃতি লাভ

পৰম্পৰাগত অসমীয়া গহণাই ভৌগোলিক সূচ্যাংক অর্থাৎ‍ জি আই টেগৰ স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ভৌগোলিক সূচক পঞ্জীয়কে কালি ৰত্ন আৰু গহণা উন্নয়ন পৰিষদ, অসমলৈ এই ভৌগোলিক সূচক স্বত্ত্ব প্ৰদান কৰে। ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধানত চলোৱা প্ৰচেষ্টাৰ ফলস্বৰূপে এই সূচক ৰাজ্যখনে লাভ কৰিছে। গহণা প্ৰস্তুতিৰ পদ্ধতিৰ ভিত্তিত পৰম্পৰাগত অসমীয়া গহণাৰ তিনিটা প্ৰকাৰক টাইপ-এ, টাইপ-বি আৰু টাইপ-চিৰ স্বীকৃতি দিয়া হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত...

April 1, 2024 1:07 PM

views 85

অসমৰ ১৯ বিধ সামগ্ৰীৰ জি আই টেগ লাভ, ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তিঃ মুখ্যমন্ত্ৰী

অসমৰ ১৯ বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তি বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ত-তাঁত সামগ্রী, পানী মেটেকা শিল্প আৰু আশাৰীকান্দিৰ পোৰামাটিৰ শিল্পলৈ জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে বড়ো সকলৰ ১৩ বিধ বস্ত্ৰ আৰু বাদ্যয়ো জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। সেইসমূহ হৈছে- দখনা, চিফুং, এৰী কাপোৰ, জৌমগ্রা, বাড়ো গামচা, কোডাপিনি, ...