March 25, 2025 8:05 PM

views 12

অসমৰ চাহৰ জি আই টেগ কাৰ্যকৰী কৰিবলৈ বিমল বৰাৰ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ

অসমৰ চাহৰ ভৌগোলিক সূচ্যাংক অর্থাৎ জি আই টেগ কাৰ্যকৰী কৰিবলৈ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। দিছপুৰৰ জনতা ভৱনত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছত কালি মন্ত্ৰীগৰাকীয়ে এই নির্দেশ দিয়ে। এই বৈঠকত চাহৰ ন্যূনতম সমৰ্থ মূল্য, কাৰিকৰী প্ৰশিক্ষণ, চাহৰ মানৰ ৰক্ষণাবেক্ষণকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত প্রতিনিধিসকলে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। তদুপৰি অসমৰ প্ৰতিখন জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সুৰক্...