November 28, 2024 11:56 AM November 28, 2024 11:56 AM
2
গুৱাহাটীৰ সমীপৰ সোণাপুৰত নির্মীয়মাণ বিজ্ঞান নগৰী অহা বছৰৰ অক্টোবৰৰ ভিতৰত মুকলিৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্র সিং শ্বেখাৱাটৰ
গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নির্মীয়মাণ বিজ্ঞান নগৰী অহা বছৰৰ অক্টোবৰৰ ভিতৰত মুকলি কৰাৰ বাবে কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্র সিং শ্বেখাৱাটে নির্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ সৈতে নির্মীয়মাণ বিজ্ঞান নগৰীৰ কাম-কাজ পৰিদৰ্শন কৰাৰ পাছত ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ, ৰাজ্যৰ বিজ্ঞান প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, লোকনিৰ্মাণ গৃহ বিভাগৰ বিষয়া-অভিযন্তা আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে এখন বৈঠকত মিলিত হৈ এই বিষয...