November 25, 2024 12:06 PM November 25, 2024 12:06 PM
6
গুৱাহাটী ৰে’ল ষ্টেচনক সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ
উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী ৰে'ল ষ্টেচনক ভাৰতৰত্ন, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনায়। কালি আকাশবাণী গুৱাহাটীৰ সংবাদ চলন্তিকাত দিয়া এটা বক্তব্যত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কথা সদৰী কৰে। ড° ভট্টাচাৰ্যই লগতে কয়, যে ভূপেন হাজৰিকাৰ নাম-যশ অধিক প্ৰসাৰিত কৰাৰ বাবে গুৱাহাটীৰ পৰা চলাচল কৰা এখন দূৰণিবটীয়া ৰে’লগাড়ী সুধাকণ্ঠ ভূপেন হাজৰিকা এক্সপ্ৰেছ নামেৰে নামকৰণ কৰিবলৈকো ছাত্ৰ সন্থাই প্ৰস্তাৱ আগবঢ়াইছে। যোৱানিশা ৭ বাজ...