October 26, 2024 1:29 PM

views 11

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪

অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ আজি দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আৰম্ভ হৈছে। প্ৰবাল খাউণ্ড পৰিচালিত আৰু গোপাল জালানৰ লগতে ধ্ৰুৱজ্যোতি কাকতি প্রযোজিত দ্যা লাষ্ট জেনেৰেচন ছবিৰে মহোৎসৱৰ উদ্বোধন কৰা হ'ব। এই মহোৎসৱত ৫০ খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শন কৰা হ'ব। প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী- এই দুয়োটা শাখাত ছবিসমূহ প্ৰদৰ্শন কৰা হ'ব। বিশ্ব সংবাদকেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান চলচিত্ৰমৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ মূল বিষয়বস্তু হৈছে- আমাৰ ঐতিহ্য আমাৰ গৌৰৱ। মূল বিষয়বস্তুৰ ...