February 24, 2025 7:03 PM February 24, 2025 7:03 PM
15
ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ কিছু সময় পাছতে প্রধানমন্ত্ৰী মোদীয়ে শুভৰাম্ভ কৰিব
অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্যক উদ্যাপনৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি আয়োজন কৰা ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ কিছু সময় পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভৰাম্ভ কৰিব। গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অনুষ্ঠানৰ বাবে আঠ সহস্রাধিক শিল্পী সমাবেত হৈছে। ৰঙা পাৰিৰ শুভ্ৰ শাৰী পৰিহিতা চাহ জনগোষ্ঠীৰ গাভৰুৰ নৃত্যৰ ছন্দ আৰু ঢোল-মাদলৰ চেওত খন্তেক পাছতে ষ্টেডিয়ামখন মুখৰ হৈ উঠিব। চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাক বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা...